পু, চা।— কেনে?
সুদৰ্শন।— তোলনে হত্যাৰ কাৰণে সাজু হৈ শহুৰেকৰ ঘৰলৈ যোৱা হ’লে হত্যাৰ পিচতো তালৈকে ঘূৰি গ’লহেতেন। তেতিয়া হ’লে তেওঁ সেই বাতি সেই গাৱঁতেই নাছিল বুলি প্ৰমাণ দিব পাৰিলেহেতেন। তদুপৰি তেওঁ শেহ নিশা ঘূৰি আহা, হাতত দা লৈ যোৱা কথা উপযাচি স্বীকাৰ নকৰিলে হেতেন।
পু, চা।— চাদৰখন? সেইখন তাৰ ঘৰৰ চাদৰেৰে মিলি গৈছে, আৰু সি লৈ ফুৰোৱা চাদৰেৰে একে বুলি বহুতে সাক্ষীও দিছে।
সুদৰ্শন।— এই চাদৰৰ কথাই ঘটনাটো বেলেগ ধৰণেহে বুজায়। অকস্মাৎ এনে ঘটনা ঘটিলে মানুহে কাপোৰ কানি পেলাব পাৰে। কিন্তু আগৰে পৰা সাজু হৈ অহা মানুহে চিন ৰাখিবৰ নিমিত্তেই এনেকৈ কাপোৰ কানি পেলাই নাৰায়। সি আগতে তাক কমৰত বান্ধি ললেহেতেন।
পু, চা।— আৰু খোজটো?
সুদৰ্শন!— নেদেখাকৈ একো ক’ব নোৱাৰোঁ।
পু, চা।— বাৰু আপোনাক এই ঘটনাৰ তদন্তৰ ভাৰ দিলোঁ। অপূৰ্ব্ব দাৰোগাই তেওঁৰ কাম কৰি থাওক। আপুনি আপোনাৰ মতে ইয়াৰ ৰহস্য উদঘাটন কৰক।
সুদৰ্শন।— আজিৰ পৰাই মই কাম আৰম্ভ কৰিম।
পু, চা – ভাল কথা। কিন্তু আপোনাৰ অনুসন্ধানৰ ফল মাজে মাজে মোক জনাই থাকিব।