পৃষ্ঠা:হত্যাকাৰী কোন.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুথ অধ্যায়

 শ্যামচাঁদৰ টোলৰ সীমাতে তোলন কোচৰ দুবিঘামান মাটি থকাৰ কথা আগতে কোৱা হৈছে। সেই মাটিখিনি নিজা কৰি লৈ আলিলৈকে একেকঠি কৰি টোলটো বঢ়াবলৈ শ্যামচাদৰ বৰ মন। তেওঁ আন মানুহক লগাই আৰু নিজেও মাটিখিনি বেচিবলৈ তোলনক বহুত বাৰ ধৰিলে। যদিও তেতিয়া সেই গাৱঁত মাটিৰ দাম বিঘাত পঞ্চাশ টকাৰ বেচি নাছিল, তথাপি তেওঁ বিঘাত ডেৰ শ কৈ দিবলৈ ওলাইছিল। কিন্তু তোলন কোনো মতেই মাটি বেচিবলৈ মান্তি নহ’ল।

 যোৱা বছৰ বাৰিষা দিনত হঠাৎ তোলনৰ হালোৱা গৰু এটা মৰে। ভৰ শাওণমহীয়া গৰুটো মৰাত তেওঁৰ খেতি পৰিব লগা হ’ল। লগৰটোৰ জোৰৰ গৰু এটা কিনিবলৈ কমকৈও পঞ্চাশ টকা লাগিব। তেওঁ ঘৰত বিচাৰি খোচাৰি একুৰিমান গোটালে। আৰু ডেৰকুৰি টকা ক’ত পায়! শ্যামচাঁদৰ বাহিৰে ধাৰলৈ ধন দিয়া মানুহ গাৱঁত নাছিল, কিন্তু তেওঁৰ পৰা ধাৰ কৰিবলৈ তোলনৰ সমূলি ইচ্ছা নাছিল। এতিয়া আন ক’তো নোপোৱাত অগত্যা তেওঁৰ ওচৰলৈকে যাব লগাত পৰিল।

 শ্যামচাঁদে তেতিয়াই ত্ৰিশ টকা ৰূপ আনি তোলনক দিলে আৰু খাতাত লিখি তেওঁৰ চহী ললে। তোলনে মুঠেই আদিপাঠ প্ৰথম ভাগ পঢ়িছিল; সেই দেখি নিজৰ নামটো লিখিব