পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
হত্যাকাৰী কোন?

কৰিছিল। ডেপুটিয়ে কমিটিৰ কাৰ্য্যকে অনুমোদন কৰিছিল মাত্ৰ। এতিয়া অভিযোগ কৰিলে কমিটিয়েই লাজত পৰিব লাগে। সেই কাৰণে বহুত দিনলৈকে তেওঁলোক মনে মনে আছিল।

 বেপাৰী। পিচত কি হ’ল।

 পণ্ডিত। প্ৰেমলতাৰ চৰিত্ৰৰ কথা যেতিয়া জনাজাত হৈ পৰিল, তেতিয়া ৰাইজে দেখিলে যে এই শিক্ষয়িত্ৰী থাকিলে গোটেই গাৱঁৰ ছোৱালী নষ্ট হ’ব। তেতিয়া তেওঁলোকে সেই শিক্ষয়িত্ৰীক নাতৰালে ছোৱালী স্কুললৈ নপঠিয়াওঁ বুলি মেনেজিং কমিটি, ডেপুটি ইন্সপেক্টৰ আৰু ছেয়াৰমেনলৈ আবেদন কৰিলে। কমিটিয়েও এতিয়া আন উপায় নেদেখি তেওঁক ওচাই এজন বয়সিয়াল শিক্ষক দিবলৈ ডেপুটি আৰু ছেয়াৰমেনলৈ প্ৰস্তাব দিলে। প্ৰস্তাব পাই তেওঁলোক দুয়ো ইয়ালৈকে আহিল আৰু সকলো অভিযোগ সঁচা বুলি প্ৰমাণ পাই তেওঁক “ডিচমিচ’ কৰিলে। ডেপুটিয়ে অনুসন্ধান কৰি এইটোও জানি আহিছিল যে প্ৰেমলতাই ছাত্ৰবৃত্তি পৰীক্ষা নিদিয়াকৈ এনেয়ে গুচি অহা নাছিল, জঘন্য চৰিত্ৰৰ বাবে খেদা খাইহে আহিছিল। স্কুলৰ চাৰ্টিফিকেটখনো নিবিচৰাকৈ এনে এজনী ছোৱালীক নিযুক্ত কৰাৰ বাবে তেওঁ মেনেজিং কমিটিকেই দোষ দিলে।

 বেপাৰী। তাৰ পাচতেই বোধ কৰোঁ আপোনাক আনিলে?