শ্যাম।—তেন্তে ক’ত আছে? তুমি সেইখন ৰাখি থোৱা অন্যায় হৈছে। পুলিচৰ হাতত পৰিলে কি হ’ব ভাবি চোৱাঁ।
প্ৰেম!—মই নিজে নিদিলে পুলিচেও নাপায়, তুমিও নোপোৱা।
শ্যাম।—সেইখন থৈ দিয়াৰ পৰা লাভ কি? বৰং বিপদৰেইহে সম্ভাবনা।
প্ৰেম।—তুমি তোমাৰ কথামতে কাম নকৰিলে বিপদকে মাতিব লাগিব।
শ্যাম।—চোৱাঁ প্ৰেম, যি হৈছে সকলো তোমাৰ ভালৰ নিমিত্তেই, নতুবা কিজানি ইমান দিনলৈ তুমি জীয়াই থাকিবলৈ নাপালাহেতেন।
প্ৰেম —এনে ভাবে জীয়াই থকাতকৈ মৰা হ’লে কিজানি শান্তিকেই পালোঁহেতেন।
শ্যাম। —মৰিবৰ মন গৈছে, মৰা, কিন্তু মোৰ চিঠিখন দিয়া।
প্ৰেম।— নিদিওঁ বুলি কৈছো নহয়।
শ্যাম।— দিব’ই লাগিব।
প্ৰেম।— নিদিওঁ। গোলমাল কৰিলে মই মানুহ মাতিম আৰু সকলো কথা কৈ দিম।
“বাৰু তাৰ ফল পাবা। তোমাকো মিনাইৰ লগলৈ পঠালে কি কৰিবা? প্ৰমাণ হৈ যাব গিৰীয়েকৰ বেজাৰত আপোনঘাতী হ’ল বুলি’ – এইদৰে কৈ শ্যামচাঁদ মিনাইৰ ঘৰৰ পৰা