পঞ্চদশ অধ্যায়।
সেই দিনা প্ৰেমলতাৰ চকুত টোপনি নাই। যদিও শ্যামচাঁদক চোৰাং কানিৰ ব্যৱসায়ৰ বাবে হে পুলিচে ধৰি নিছে, তথাপি ঘটনাই কি গঢ় লয় তেওঁ ভাবি ঠিক কৰিব পৰা নাই। বিজয় ঘূৰি আহিলে কিবা গম পাব পাৰে বুলি তেওঁ গম লৈ থাকিল, কিন্তু ৰাতি বাৰ বজালৈকে তাৰ কোনো উমান নাপালে। চিন্তা ভাবনাত ছটফট কৰি তেওঁ ৰাতিটো কটালে।
বিজয় ঘূৰি আহিল শেষ নিশা। পুলিচ চাহাবে নিজৰ মটৰেৰে তেওঁক দোকানলৈ পঠিয়ালে। অৱশ্যে তেওঁ আধা মাইলমান আঁতৰতে মটৰৰ পৰা নামি বাকী ছোৱা খোজ কাঢ়ি আহিল।
ৰাতিপুৱা প্ৰেমলতাই খবৰ লৈ বিজয় ঘূৰি যোৱা বুলি জানি তেওঁক তেতিয়াই মতাই আনিলে। বিজয় আহিলত প্ৰেমলতাই আগদিনাৰ ঘটনাৰ পৰিণতি কি হৈছে জানিব খুজিলে।
বিজয়ে ক’লে,—“আপুনি সোধা কথা ক’বলৈ মোৰ মনটো অলপ কোচ খাইছে। হাজাৰো হওক শ্যামচাঁদ মোৰ মনিব। তেওঁৰ বিৰুদ্ধে কোনো কথা কোৱা মোৰ পক্ষে উচিত নহয়।”
প্ৰেম।— আপোনাক জানো বিৰুদ্ধে ক’বলৈ কৈছোঁ?
বিজয়।—পোনপটিয়ে কোৱা নাই সঁচা, কিন্তু আপোনাৰ