পাৰে আৰু যোঁটাই, যোঁটাই পদপুথিও পঢ়ে। তেনেকৈ পঢ়োতে যুক্তাক্ষৰবোৰ এৰি যায়, কিয়নো সেইবোৰ তেওঁ মাতিব নোৱাৰে। খাতাত লিখা “৩০ তি শ” টকা তেওঁ মাতিব পাৰিছিল।
টকা ধাৰে নিলেও তাক কেতিয়া পৰিশোধ কৰিব পাৰিব তাকে তেওঁ দিনে-ৰাতিয়ে ভাবিছিল। খেতি উঠিলত পোনেই কেইমোনমান ধান বেচি ধাৰ মাৰিবলৈ আহিল আৰু টকাই পতি মাহে দুপইচাকৈ ছমাহৰ সুত ৫॥৵ অনাৰে সৈতে, সৰ্বমুঠ ৩৫॥৵ অনা আদায় কৰিলে। শ্যামচাঁদে খাতা এখন আনি “এইয়া কাটি থলোঁ” বুলি তোলনৰ নামটো কাটি থ’লে।
তোলন গুচি আহিল। টকা আনিবৰ সময়ত গাৱঁৰ হলধৰ আৰু মধুৱে দেখিছিল। সেই দেখি দিবৰ সময়তো তোলনে এওঁলোকক দোকানলৈ মাতি নিছিল।
ধাৰ মৰাৰ দুমাহমানৰ পাচত এদিন তোলনে এখন ৰেজিষ্টৰি চিঠি পালে। চিঠিখন মহেন্দ্ৰনাথ দত্ত উকীলৰ পৰা আহিছে। তাত লিখা আছে,—“যেহেতু তুমি মোৰ মকেল শ্যামচাঁদৰ পৰা যোৱা ২০ শাওণত তেওঁৰ সীমাত থকা মাটি ডোখৰ বিক্ৰী দিম বুলি মৌখিক বন্দবস্ত কৰি, তিনিশ টকা হাওলাত নি আজিলৈকে বিক্ৰী দিয়া নাই, সেই কাৰণে এই নোটিচৰ দ্বাৰা তোমাক জনোৱা হয় যে আজিৰ পৰা দুসপ্তাহৰ ভিতৰত তুমি উক্ত মাটি বিক্ৰী দি আপোচ কৰিবা। নহ’লে আইন মতে তোমাৰ বিৰুদ্ধে যথাবিহিত কৰা হ’ব।”