প্ৰায় চাৰিমান বজাত এজন দাৰোগা আৰু চাৰিজন কনষ্টেবল লৈ পুলিচ চাহাব ছাহাৰ দোকানত উপস্থিত হ’ল। দোকানত সোমাই তেওঁ ছাহাক লগ পাব খুজিলে। পুলিচ দেখি শ্যামচাঁদৰ মনলৈ নানা আশঙ্কা আহিল; তেওঁকে বিচাৰি আহিছে নে আন কিবা অনুসন্ধান কৰিবলৈ আহিছে তেওঁ বুজিব নোৱাৰিলে। তেওঁ ওলাই আহি পুলিচ চাহাবক চালাম দিলে। পুলিচ চাহাবে ক’লে,—“চাওঁ আপোনাৰ কানিৰ দোকানৰ হিচাপ।”
শ্যামচাঁদে হিচাপ দেখুৱালে; সকলো পৰিপাটী। মজুত থকা কানি জোখালে, হিচাপৰ লগত অলপো হেৰফেৰ নাই। পুলিচ চাহাবে ক’লে,—“এনে সুন্দৰ ভাবে হিচাপ-কিতাপ ৰখা আৰু এনে ঠিক জোখত চলা দোকান মই অতি কম হে দেখিছো।”
শ্যামচাদে মনত ৰং পালে; ভয়ো অলপ পাতলিল।
তাৰ পাচত চাহাবে ক’লে,—“আপোনাৰ ভিতৰখন চোৱাৰ প্ৰয়োজন আছে। বলক, এবাৰ ভিতৰলৈ যাওঁ।”
শ্যামচাঁদৰ মুখ শুকাই গ’ল। তথাপি ক’লে,—চাব খুজিছে চাওক, কিন্তু কিয় এনে কৰিছে মই বুজি পোৱা নাই। মোতকৈ নিয়ম মানি চলা মহলদাৰ আৰু কোনো নাই বুলিয়েই