পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
দশম অধ্যায়

এতিয়ালৈকে বহুত ঠাইত ঘূৰিলোঁ, কিন্তু কোনো চাকৰিকে যোগাৰ কৰিব নোৱাৰিলোঁ। এতিয়া ঘৰলৈ ঘূৰি যাবলৈকো হাতত ধন নাই। মই দোকানৰ কাম জানো। আপোনাৰ দোকানতে কিবা এটা চাকৰি পাম বুলি আশা কৰি আহিলোঁ। ময়ো বঙালী, আপুনিও বঙালী। বঙালীয়ে বঙালীৰ মুখলৈ নাচালে আৰু কোনে চাব!

 শ্যাম।—তুমি দোকানৰ সকলো হিচাপ-কিতাপ ভালকৈ ৰাখিব পাৰিবা?

 বিজয়।—পৰাত পাৰিম, কিন্তু এটা কথা—মই দুখন দোকানত কাম কৰি দেখিছোঁ সকলো দোকানতে একেদৰে হিচাপ ৰখা নহয়। তাৰ উপৰি আচল হিচাপ আৰু ইন্‌কাম টেক্স অফিচাৰক দেখুৱাবলৈ ৰখা হিচাপতো প্ৰভেদ থাকে। আপোনাৰ দোকানত কেনে ভাবে ৰখা হয় নাজানো, কিন্তু পুৰণি খাতা-পত্ৰবোৰ চাই ল’বলৈ পালে এসপ্তাহৰ ভিতৰতে আপোনাৰ মনোমতকৈ হিচাপ ৰাখিব পাৰিম বুলি ডাঠি ক’ব পাৰোঁ।

 শ্যাম।—দৰমহা কিমান লাগিব?

 বিজয়।— সেইটো এতিয়া ক’ব নোৱাৰোঁ। ময়ো কামখিনি বুজিব লাগিব আৰু আপুনিও মোৰ যোগ্যতা চাব লাগিব; তেতিয়াহে দৰমহাৰ বন্দবস্ত হ’ব পাৰিব। সেইকাৰণে মই কওঁ মোক এমাহ কাম কৰিবলৈ দিয়ক। এইমাহত অকল খোৰাকীটো পালেই হ’ব। যদি মোৰ কামত