তোলন।— আন ক’তো একো দেখা নাই, মাত্ৰ ছাহাৰ দোকানৰ বাৰাণ্ডাত কোনোবা এটা থিয় হৈ থকা যেন দেখিছিলোঁ।
দাৰোগা।– কোন ক’ব পাৰা নে?
তোলন।— নোৱাৰোঁ। আন্ধাৰত চিনিব পৰা নাছিলোঁ।
দাৰোগা।— ৰাতিপুৱা তুমি হাল বালা কিহেৰে?
তোলন।— মই বিচাৰি ফুৰোঁতেই গৰু আহি আপুনি ওলাল।
দাৰোগা।— তুমি কি চোলা পিন্ধিছিলা?
তোলন।— মই চোলা পিন্ধা নাছিলোঁ। বৰ গৰম দেখি কান্ধতে চেলেংখন পেলাই লৈ গৈছিলোঁ।
দাৰোগা।— চাওঁ চেলেংখন।
তোলনে এখন সাধাৰণ চেলেং আনি দেখুৱালে। মিনাইৰ ঘৰত পোৱা চেলেংখন আৰু এইখনৰ অলপো পাৰ্থক্য নাই। কাপোৰৰ দীঘ-পুতল, সুতা, ফুল, বান দুয়োখনৰে একে। দুয়োখন যেন একে সূতাৰে একে শালতে একেজনী শিপিনীয়ে বোৱা।
দাৰোগাই সকলো সময়তে তোলনৰ ভৰিলৈ লক্ষ্য ৰাখিছিল। সচাকৈয়ে মিনাইৰ চোতালত দেখা খোজটোৰ লগত তাৰ সাদৃশ্য আছে। তেওঁ কাগজত আঁকি দিয়া চিত্ৰৰ ওপৰত তোলনৰ সোঁ ভৰিটো দিবলৈ দিলে। খোজ একেবাৰেই মিলি গ’ল।