পিচ দিনা ষ্টক লোৱাত প্ৰায় এশ টকা মূল্যৰ বস্তু নোলাল। বিজয়ে ক’লে,—“আজি চাৰি পাঁচ মাহ ষ্টক লোৱা নাই। দৈনিক বিক্ৰীৰ হিচাপ নৰখাত কিহত কিমান লোকচান হৈছে, তাকো একেবাৰেই সঠিককৈ ক’ব নোৱাৰি। তদুপৰি গুদামত যাওঁতে আৰু নিগনি ইন্দুৰৰ উপদ্ৰৱতো কিছুমান লোকচান হোৱাৰ সম্ভব। সেই কাৰণে আগেয়ে যি হৈ গ’ল গ’ল, এতিয়াৰ পৰা এপইচাৰ জলকীয়া বেচিলেও হিচাপ ৰখাৰ নিয়ম কৰক আৰু পষেকত এবাৰকৈ ষ্টক লোৱা হওক। তেতিয়া মহাজন, দোকানী কোনেও কাকো অবিশ্বাস কৰিবলৈ বাট নাথাকিব।”
শ্যামচাঁদে বিজয়ৰ নিৰ্দেশমতে চলিবলৈ বিক্ৰীদাৰক আদেশ দিলে। বজয়ৰ ওপৰত দিনে দিনে তেওঁৰ আস্থা বাঢ়ি আহিল। বিজয় বৰ শহাকণীয়া, ৰাতি ক’ৰবাত খিটিং কৰিলেই তেওঁ সাৰ পায়, আৰু কোনো সঁহাৰি নলগোৱাকৈ খিৰিকিয়েদি বাহিৰলৈ লক্ষ্য কৰে।
এদিন ৰাতি কোনোবাই শ্যামচাঁদৰ শোৱনী ঘৰৰ দুৱাৰত তিনটা টোকৰ মাৰিলে। টোকৰকেইটা বিজয়ৰ কাণত পৰিল। তেওঁ খিৰিকিয়ে দি লক্ষ্য কৰিলে। অলপ পাচতে দুৱাৰখন মেল খালে আৰু এটা মানুহ ভিতৰলৈ সোমাই গ’ল। মানুহটো সোমালতে দুৱাৰ বন্ধ হ’ল। তাকে দেখি বিজয়ো বাহিৰ ওলাল, আৰু হাতত সাৰে ভৰিত সাৰে