পৃষ্ঠা:হত্যাকাৰী কোন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
হত্যাকাৰী কোন?

 বিয়াৰ তিনি মাহমানৰ পাচত প্ৰেম-লতাৰ এটি মৃত সন্তান অসময়ত ওপজে আৰু তেৱোঁ বহুত দিন পাটীত পৰি থাকিব লগাত পৰে। মিনায়ে বিয়া কৰালে যদিও শান্তি নাপালে। ন ঘৈণীয়েকে ঘৰৰ কোনো কামকেই নাজানে। সৰহখিনি কাম মিনায়েই কৰিব লগাত পৰে।

 বিয়াৰ পিচৰে পৰা মিনাইৰ ঘৰলৈ শ্যামচাঁদৰ অহাযোৱা ঘন হৈ আহিছিল। কিন্তু কি কথা ক’ব নোৱাৰোঁ, প্ৰায় এমাহমানৰ আগৰে পৰা তেওঁ মিনাইৰ ঘৰত ভৰি দিয়া নাই। এই মাহত মিনায়ো ঘৰৰ পৰা ওলোৱা নাছিল।