এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিজয় কুমাৰে চাকৰি পাই দোকানতে থাকিবলৈ ল’লে। দোকানৰ ভিতৰ ফালৰ ঘৰ এটাত দোকানৰ কৰ্ম্মচাৰী কেইজন মান থাকে। বিজয়কো তাৰে এটা খোটালী দিয়া হ’ল। সেই দিনা ৰাতি খাই-বৈ উঠি যেতিয়া সকলো শুলে, তেওঁ নোট বুক এখন উলিয়াই তাত কিছুমান কথা টুকি ৰাখিলে। যেতিয়া সকলো নিজঞ্জাল হ’ল তেৱোঁ শুই থাকিল।
পিচ দিনাৰ পৰা তেওঁৰ কাম আৰম্ভ হ’ল। মৰাপাট আৰু ধানৰ জোখ কৰাই গুদামত ৰখা আৰু তেনেকৈয়ে গাড়ীত বোজাই দিয়াই নগৰলৈ পঠোৱাই তেওঁৰ প্ৰধান কাম হ’ল। বস্তুৰ জোখ আৰু দামৰ হিচাপ ৰখা ও তেওঁৰ কামৰ ভিতৰত।
কানিৰ হিচোপ শ্যামচাঁদ আৰু তেওঁৰ ভতিজাকেই ৰাখে। ভতিজাকেই বিক্ৰীদাৰো। এই কাৰবাৰৰ লগত বিজয়ৰ কোনো সম্পৰ্ক নাই।
তেল-নিমখ আদি বেচি বেপাৰীটোৱেই ৰাতি টকা জমা দি যায়; কেতিয়াবা কাৰবাক কালিয়নে দিলেহে বহীত লিখে। দোকানলৈ আনোতে মাথোন বিজয়ে হিচোপ ল’ব আৰু ৰাখিব লাগে।