পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
সপ্তদশ অধ্যায়

নাছিল। সেই কথা তোলন আৰু শ্যামচাঁদ দুয়ো স্বীকাৰ কৰিছে। কিন্তু খাতাবিলাক পৰীক্ষা কৰাৰ ফলত তোলনক টকা দিয়াৰ হিচোপ দুবাৰ পোৱা গ’ল। আগৰ মোকৰ্দ্দমাত দাখিল কৰা খাতাৰ বাহিৰেও প্ৰথম বছৰৰ খাতাৰ এঠাইত তোলনৰ নামে ত্ৰিশ টকা হাওলাত লিখি কাটি থোৱা আছে। তাত চন-তাৰিখো নাই, তোলনৰ চহীও নাই। তদুপৰি এই শাৰীটো স্বাভাবিক শাৰীত নাই; আন দুটা শাৰীৰ মাজত লেপ-থেপকৈ লিখা। আৰু এটা বিশেষত্ব এই যে এই শাৰীটোৰ আখৰ আনবোৰ শাৰীৰ আখৰৰ সমানে পুৰণি হোৱা বা ক্ষয় যোৱা নাই। ইয়াৰ পৰা এইটো বুজা গ’ল যে তোলনে টকা পৰিশোধ কৰিলত শ্যামচাঁদে পুৰণি বহীতে এই শাৰী লিখি কাটি দেখুৱালে; আচল হিচাপ নকটাকৈয়ে থাকিল।

 তোলনক “ত্ৰিশ” লিখিবলৈ কোৱাত “তিশ” লিখিলে। তাৰ পাচত "ত্ৰিশ” লিখি পঢ়িবলৈ দিয়াত পঢ়িলে—“এত হৰ্চ ইকাৰ আৰু তালবীয়া শ ”। কিহ’ল বুলি সোধাত ক’লে— “এত ইকাৰ দিলে কি হয় মই পোৱা নাই।”

 পুনৰ্ব্বিচাৰত শ্যামচাঁদৰ গোচৰ ডিচমিচ হ’ল। তোলনে ক’লে,—“ঈশ্বৰ আছে, অন্যায় কৰি কোনো সাৰিব নোৱাৰে। শ্যামচাঁদৰ পৰা টকা ধাৰ কৰাটোৱেই মোৰ পাপ। সেই কাৰণেই এইখিনি ভুগিলোঁ।”

 ইয়াৰ পাচত জজৰ আদালতত হত্যা অপৰাধৰ বিচাৰ হৈ গ’ল। সকলো প্ৰমাণ লৈ জুৰিৰ লগত একমত হৈ জজে