পৃষ্ঠা:হত্যাকাৰী কোন.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
তৃতীয় অধ্যায়

 শ্যাম।—মানুহৰ লো কি! কথা দেখিলেই কথা উলিয়ায়। সেই কেহোৰাম বোলা পণ্ডিতটোৱে আগেয়ে আন ঠাইত লৰাৰ স্কুলত কাম কৰিছিল।

 এতিয়া গাৱঁতে স্কুল এখন হোৱা দেখি তাৰ আহিবৰ মন গ’ল। সিয়েই মেনেজিং কমিটিৰ মেম্বৰসকলক ধৰি মেলি তাইৰ গাত মিছাকৈ বদনাম দি স্কুলৰ পৰা খেদোৱায় আৰু নিজে তাৰ শিক্ষক হয়। আচল কথাৰ ভু কোনে লয়! স্কুলৰ পৰা খেদোৱা দেখি তাইৰ স্বভাৱ বেয়া বুলি চাৰিওফালে ফাটি-ফুটি গ’ল আক সেই কাৰণেই বিয়া কৰাবলৈ কোনো আগ নাবাঢ়িল।

 মিনাই।—মোক তেনেকুৱা ছোৱালী নালাগে।

 শ্যাম।—তোমাক লাগে তোমাৰ কথামতেই মেলা দুৱাৰখন , ৰন্ধা ভাতমুঠি, এই বয়সত আনবোৰ কথা ভাবিবৰেই বা দৰকাৰ কি?

 মিনায়ে ভাবি-চিন্তি চাব বুলি সেই দিনা শ্যামচাঁদক বিদায় দিলে। শ্যামচাঁদ কিন্তু ক্ষান্ত নহ’ল, দিনৌ সেই একে প্ৰস্তাবকে কৰিবলৈ ধৰিলে। এনেকৈয়ে কিছুমান দিন যোৱাৰ পাচত মিনায়ে মত দিলে।

 দিনচেৰেক পাচতে বিয়া হৈ গ’ল। কন্যা-ঘৰৰ সকলো খৰচ বহন কৰাৰ উপৰি ও শ্যামচাঁদে দৰাকো যথেষ্ট সাহায্য কৰিছিল।