আবেলি পাঁচ মান বজাত সুদৰ্শন দাৰোগা আহি প্ৰেমলতাৰ ঘৰত উপস্থিত হ’ল। লগত দুজন চিপাহী। বিজয়েই যে সুদৰ্শন দাৰোগা তাক চিনিবৰ এতিয়া কাৰো সাধ্য নাই। এতিয়া তেওঁৰ গোঁফো নাই, বিত চকুও নাই। বিজয়ে বঙলা কথা কৈছিল; অসমীয়া ভালকৈ বুজি নাপাইছিল, কিন্তু সুদৰ্শনৰ কথা শুধ অসমীয়া। বিজয় অলপ আৰি-কুঁজা আছিল, কিন্তু সুদৰ্শন একেবাৰেই পোন।
ইয়াৰ আগতে প্ৰেমলতাই ভায়েককো মতাই আনিছিল। আৰু যদি তেওঁক পুলিচে ধৰি নিয়ে তেন্তে কি কৰিব তাৰো দিহা-পোহা কৰি ৰাখিছিল।
দাৰোগাই প্ৰেমলতাক ক’লে,—“আমি সাক্ষী বাদীৰ পৰা প্ৰমাণ পাইছো আপুনি তোলন কোচৰ লগত যোগ হৈ আপোনাৰ স্বামীক হত্যা কৰিছে। সেই বাবে আপোনাক গ্ৰেপ্তাৰ কৰা হ’ল। আপোনাৰ কিবা ক’ব লগা আছে নে?
প্ৰেম।— আছে।
সুদৰ্শন।— কি?
প্ৰেম।— এই হত্যাৰ লগত তোলনৰ কোনো সম্পৰ্ক নাই।
সুদৰ্শন।—তেন্তে কোনে মাৰিলে? আপুনি নিজে?
প্ৰেম।— নহয়, শ্যামচাঁদ ছাহাই।