কথাৰ উত্তৰ দিবলৈ গলেই তেনে কৰিব লাগিব। আপুনি হয়তো ভাবি থৈছে ছাহাৰ পৰা আপোনাৰ একো অপকাৰ নহয়, এতিয়া মোৰ কথাই যদি তাৰ ওলোটাটো বুজায়, তেনে হলে আপুনিও তেওঁৰ বিৰুদ্ধে সাজু হ’বলৈ সুবিধা পাব।
প্ৰেম।— ছাহাই তেন্তে মোৰ বিৰুদ্ধে কিবা কৈছে?
বিজয়।— মই যাওঁ; ক্ষমা কৰিব। মই এতিয়া আপোনাৰ কথাৰ উত্তৰ দিব নোৱাৰোঁ।
বিজয় যাবলৈ ওলাল। প্ৰেমলতাই নানা বধ-শপত দি, কাবৌ-কোকালি কবি বহিবলৈ ক’লে আৰু আচল কথাটো ভাঙি ক’বলৈ অনুৰোধ কৰিলে।
বিজয়ে ক’লে,—“আপুনি মোক বৰ আহুকালত পেলালে। মনিবৰ ভিতৰুৱা কথা প্ৰকাশ কৰা তলতীয়া লোকৰ পক্ষে অন্যায় কাম। আকোঁ যদি আপোনাৰ গাত দোষ নাই, আপোনাক ৰক্ষা কৰাও উচিত। মই কোনটো কৰিম ভাবি ঠিক কৰিব পৰা নাই।”
প্ৰেমলতা আৰু ব্যাকুল হ’ল; হাতে-ভৰিয়ে ধৰি সকলো কথা ক’বলৈ তেওঁক কাকুতি কৰিবলৈ ধৰিলে।
বিজয়।— আপুনি মোক বৰ বেয়া অৱস্থাত পেলালে। সি যি কি নহওক, আপুনি ইমানকৈ ধৰিছে যেতিয়া মই কওঁ, কিন্তু মোৰ পৰা শুনিছে বুলি যেন গুৰি পৰুৱা এটাকো জানিবলৈ নিদিয়ে।
প্ৰেমলতাই নকওঁ বুলি শপত খালে।