পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অষ্টম অধ্যায়।

 সেইদিনা দুপৰীয়া খাই-বৈ উঠি সুদৰ্শন বৰবৰা হালধিবাৰীলৈ বুলি ওলাল। প্ৰায় দুঘণ্টামানৰ মূৰত নিৰ্দিষ্ট ঠাই পাই মিনাইৰ ঘৰত সোমাল। ঘটনাৰ সম্পৰ্কে প্ৰেমলতাৰ পৰা সকলো কথা বুজি ল’লে। কোৱা বাহুল্য যে আগেয়ে কোৱা কথাৰ লগত তেওঁৰ কথাৰ অলপো অমিল নাছিল। সুদৰ্শনে মিনাইৰ শোৱা খাটখন চাই দেখিলে আঘাতত অকল মনাইৰ ডিঙিয়েই কটা নাই খাটৰো কিছু অংশ কাটিছে। তাৰ পৰা এইটো বুজা গ’ল যে হত্যাকাৰী বলীপুৰুষ আৰু অস্ত্ৰও খুব চোকা। তাৰ পাচত তেওঁ চোতালৰ খোজটো ভালকৈ পৰীক্ষা কৰি চাই গুচি আহিল।

 গধূলি সুদৰ্শনে পুলিচ চাহাবৰ লগত দেখা কৰিলে। পুলিচ চাহাবে সুধিলে,—“আজি কিবা তথ্য আবিষ্কাৰ কৰিব পাৰিলে নে?”

 সুদৰ্শন। — হয়, দুটা কথা নিশ্চয়কৈ জানিব পাৰিছোঁ।

 পু, চা।— সেই দুটা কি?

 সুদৰ্শন।— এটা হৈছে তোলন কোচৰ লগত এই ঘটনাৰ কোনো সম্পৰ্কনাই। আনটো হৈছে এই হত্যাকাণ্ডত মিনাইৰ ঘৈণীয়েক প্ৰেমলতাৰো যোগ আছে।