দুদিন পিচৰ কথা। তেতিয়া ৰাতি প্ৰায় এক বাজিছে , সকলো মানুহ শুই নিঃপালি দিছে। এনেতে শ্যামচাঁদ শোৱাৰ পৰা উঠি বাহিৰ ওলাল, দুৱাৰত বাহিৰৰ পৰা তলা লগালে।
শ্যামচাঁদ ওলাই গৈ আলিবাট পালে। এনেতে বিজয়ো ঘৰৰ পৰা ওলাল আৰু গা দেখা নিদিয়াকৈ কাম ছঁয়াই কাম ছঁয়াই তেওঁৰ পিচ ল’লে।
শ্যামচাঁদে চাৰিও ফালে চাই-চিতি মিনাইৰ ঘৰলৈ সোমাই গ’ল আৰু দুৱাৰত টুকৰিয়াবলৈ ধৰিলে। অলপ পাচতে প্ৰেমলতা আহি দুৱাৰ মেলি দিলে আৰু শ্যামচাঁদ ভিতৰ সোমোৱাৰ লগে লগে বন্ধ কৰিলে। ভিতৰত এটা সৰু চাকি ঢিমিক-ঢামাককৈ জ্বলি আছিল।
তেওঁলোক দুয়ো বৰঘৰলৈ সোমাই গ’ল। বৰঘৰটোৰ খোটালী তিনটা,–পূবৰটোত ৰান্ধে , পশ্চিমটোত খায়। মাজৰটোত শোৱে। তাতে পেৰা-পেটাৰী আদিও থাকে।
ঘৰটোৰ বাৰ গোবৰ মাটিৰে লিপা আছিল। পিচে বহুত দিন তাত হাত নিদিয়াত এতিয়া ঠায়ে ঠায়ে লেও এৰাই ইকৰা ওলাই পৰিছে। তেনেকুৱা এঠাইতে থিয় হৈ বিজয়কুমাৰে বাৰৰ জলঙাইদি ভিতৰলৈ লক্ষ্য কৰিবলৈ ধৰিলে।