পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
হত্যাকাৰী কোন?

 পু,চা।— বাৰু সেইবোৰ উলিয়াই খাওক। সম্প্ৰতি কানিৰ অপৰাধটোকে হাতত লোৱা হওক।

 বিজয়।— আপুনি নিজে গ’লে ভাল। শ্যামচাঁদক গ্ৰেপ্তাৰ কৰাৰ পাচত খাতা-পত্ৰেৰে সৈতে মোকো লৈ আহিব। ৰাতিয়েই কিন্তু উলটি যোৱাৰ ব্যৱস্থাও কৰি দিব লাগিব।

 পু,চা।—তুমি ইয়াৰ পৰা কেতিয়া যাবা?

 বিজয়।— দুইমান বজাত। মই গৈ পোৱাৰ আগতে আপোনালোক পালেগৈ ভাল হয়।

 পু,চা।— বাৰু, সেইমতেই যোৱা যাব।

 বিজয়ে পুলিচ চাহাবৰ ওচৰত বিদায় ল’লে।