হাতে ভৰিয়ে ধৰি সকলো কথা ক’বা। তেওঁ দয়া কৰিলে কিবা হ’ব পাৰে।”
সেই মতেই কাম হ’ল। পিচ দিনা বলোৱে আঘোণীক পুলিচ চাহাবৰ ওচৰলৈ লৈ গ’ল। আঘোণীয়ে চুলি ছিঙি কাতৰ কৰি আদিৰ পৰা অন্তলৈকে সকলো কথা বৰ্ণনা কৰিলে। তাৰ পাচত ক’লে,—“তেওঁ মানুহ মৰাহে নালাগে পাৰচৰাই এটাও মাৰি খাব নোৱাৰে; এইবোৰ কাৰবাৰ চক্ৰান্ত।”
পুলিচ চাহাবে সকলো কথা মন দি শুনি ক’লে,—“সকলো কথা প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰে। তোমাৰ গিৰিহঁতক ধৰি আনোতেই একো প্ৰমাণ হোৱা নাই। তেওঁ যদি নিৰ্দ্দোষ, এনেয়ে তেওঁ খালাচ পাব, আৰু যদি দোষী তেনেহ’লে তেওঁক সৰুৱাবৰ কাৰো সাধ্য নাই।”
আঘোণী।— টকা ননাকৈয়ে অনা বুলি ছাহা দোকানীয়ে প্ৰমাণ কৰাইছে। এতিয়াও যদি তেনেকুৱাই হয়, বেটীক এতিয়াই মাৰি পেলোৱাই ভাল।
কিছু সময় তলকা মাৰি থাকি পুলিচ চাহাবে ক’লে,—“তুমি যোৱাঁগৈ। যাতে অন্যায় হ’ব নোৱাৰে মই তালৈ চাম। তুমি আৰু ইয়ালৈ নাহিবা, আজি অহাৰ কথাও কাকো নক’বা।
তেতিয়া, আঘোণী বলোৰ ঘৰলৈ আহিল আৰু সেইদিনাই আবেলি বেলিকা গৰুৰ গাড়ীতে ঘৰলৈ উলটিল।
পুলিচ চাহাবে তদন্তকাৰী দাৰোগাক মাতি ঘটনাৰ আদ্যোপান্ত শুনিলে। তাৰ পাচত ক’লে,—“যি প্ৰমাণ পোৱা গৈছে