পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


নোহোৱা হ’লে সি ধাৰতে পোত গ’লহেতেন। তাই যেনিবা আধি-কটন কাটি দুই-এখন কাপোৰ বেচি দুপইচা উলিয়াই দেখি কোনোমতে চলি আছে। পিচে এটা কথা,—তোলনৰ লগত মিনাইৰ ঘৈনীয়েকৰো যোগ আছে যেন লাগে।

শ্যাম।—সেইটো তোমাৰ ভুল। তাই যেনেকুৱাই হওক নিজৰ গিৰিয়েকক তেনেকৈ মাৰিবলৈ এৰি দিব নোৱাৰে। মই তেনে কথা বিশ্বাস নকৰোঁ। তুমি আগ গুৰি নজনাকৈ এনে কথা কোৱাই অনুচিত।

নৰে।—কোৱা অৱশ্যে উচিত নহয়। কিন্তু মিনাই আৰু প্ৰেমলতাৰ মাজত যে এখন ডাঙৰ-কাজিয়া আছিল সি একেবাৰেই সাঁচা। এমাহমানৰ আগতে মিনায়ে প্ৰেমলতাক খুটাত বান্ধি মৰিওৱাৰ কথা সকলোৱেই জানে। সেই দিনাৰ পৰাই মিনাই বাহিৰলৈ নোলোৱা হ’ল; বৰঘৰতো নোসোমোৱা হ’ল, ঘৈনীয়েকৰ হাতে খোৱা-লোৱাও নকৰা হ’ল। মাৰলতে থাকে, তাতে জুহালতে কেতিয়াবা এমুঠি সিজাই খায়, কেতিয়াবা একো নাখায়। এইবোৰ আমি ভালকৈ জনা কথা। এই মাহতে প্ৰেমলতাৰো হাড়ছাল ওলাই গৈছে, তেওঁ বোধ কৰে। নিশ্চিন্তমনে এঘুমটি শুবও পৰা নাই।

শ্যাম।— হ’ব পাৰে। আগতে যদিও মই মাজে-সময়ে মিনাইৰ ঘৰলৈ গৈছিলোঁ আজি কালি যাবলৈ এৰি দিছো। সি ঘৰৰ পৰা নোলোৱা দেখি তাৰ কিবা মূৰৰ বিকাৰ হৈছে বুলি ভাবিছিলোঁ। আনবোৰ কথাৰ মই গমকে পোৱা নাই।