এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পিচ দিনা পুৱা বিজয়ে শ্যামচাঁদক ক’লে,—“আজি দিনটোৰ কাৰণে মোক ছুটী লাগে।
শ্যাম।—কিয়?
বিজয়।— আমাৰ গাৱঁৰ এজন মানুহে এই জিলাতে এখন মণিহাৰী দোকান দিয়ে। মই ঘৰত থাকোঁতেই তেওঁ দেশলৈ গৈছিল। ভাদৰ প্ৰথম সপ্তাহতে ঘূৰি অহাৰ কথা আছিল। এতিয়া ভাদৰ এপষ গ’ল। তেওঁ আহিল নে নাই এবাৰ খবৰটো কৰি আহোঁ। আহিল যদি তেওঁৰ পৰা ঘৰৰ বাবাতৰি ল’ব পাৰিম।
শ্যাম।— বাৰু যাব পাৰা, কিন্তু আজিয়েই ঘূৰি আহিবা।
বিজয়।— নিশ্চয় আহিম। তাত থাকিবলৈ মোৰ জানো ঘৰ এখন আছে! পিচে আপোনাৰ চাইকেলখন দিলে সুবিধা হয়। নহ’লে বাচ নাপাওঁ যদি অহাত অসুবিধা হ’ব।
শ্যামা।— বাৰু নিব পাৰা।