পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
চতুৰ্দ্দশ অধ্যায়

কি সুধিবলৈ ধৰিলে। কোনেও কিন্তু সঠিককৈ একো ক’ব নোৱাৰিলে।

 পুলিচ চাহাবে ছাহাক প্ৰথমতে লোহাৰ বাকচটো মেলিবলৈ ক’লে; ছাহাই মেলি দিলে। তাত ডেৰহেজাৰমান টকা, কেইপদমান অলঙ্কাৰ আৰু কিছুমান খত-পত্ৰৰ বাহিৰে একো নাছিল। তাৰ পাচত ষ্টীল ট্ৰাঙ্ক কেইটা চাই কাপোৰ-কানিৰ বাহিৰে একো নেদেখিলে। আলমাৰীত খনচেৰেক কিতাপ, বহী কেইখনমান, আৰু কেইবটলমান পেটেণ্ট ঔষধ মাথোন আছিল। চিপাহী কেইজনে ঘৰৰ চুক-কান একোকে বিচাৰিবলৈ বাকী নথ’লে, কিন্তু আপত্তিজনক কোনো বস্তুৱেই নোলাল।

 পুলিচ চাহাব চিন্তিত হ’ল; তেওঁৰ কপালৰ গাঁঠি থোপা হ’ল। তেনেহলে বৰবৰাৰ কথা মিছা নে কি! অন্যান্য খোটালীত বিচাৰিব নে নিবিচাৰিব তেওঁ ভাবিবলৈ ধৰিলে।

 শ্যামচাঁদে ক’লে,—“ক’তা? কিবা পালে জানো? আপোনালোকৰ হাতত ক্ষমতা আছে বুলিয়েই ভদ্ৰলোকক এনেকৈ “জুলুম” কৰিব লাগে নে?”

 পুলিচ চাহাবে একো নামাতিলে। অলপ ভাবি চিপাহীক ক’লে,—“বিছনাখন চোৱাঁ।”

 চিপাহীয়ে ইফালে সিফালে তুলী দাঙি ভুকুৱাই-চপৰিয়াই চালে, একো নাই।

 পুলিচ চাহাবে চালপীৰাখন ঘূৰি-পকি চাই ক’লে–“বিছনাখন তুলি আনা।”