পৃষ্ঠা:হত্যাকাৰী কোন.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
হত্যাকাৰী কোন?

 দাৰোগাৰ আদেশমতে চিপাহীটোৱে তোলনৰ হাতত হেণ্ডকাফ লগালে। দা আৰু চেলেংখনো ল’লে। ইমানতে তাৰ কাৰ্য্য শেষ কৰি দাৰোগা ছাহাৰ দোকানলৈ ঘূৰি আহিল। তাতে চিপাহীটোৰ জিন্মাত তোলনক এৰি তেওঁ গাওঁবুঢ়াক লৈ গৰুৰ গৰাকী আৰু তোলনৰ শহুৰেকক বিচাৰি গ’ল। তেওঁলোকৰ পৰা যি শুনিলে সি তোলনৰ কথাৰ লগত মিলি গ’ল। আনকি, তোলনৰ শালপতিয়েক তেতিয়াও শহুৰেকৰ ঘৰতে আছিল।

 তাৰ পৰা ঘূৰি আহি দাৰোগাই চিপাহীৰে সৈতে তোলনক মটৰত তুলি লৈ থানালৈ উলটিল।