শ্যাম।—শুনা তেন্তে। সৌ নাহৰবাৰীৰ মনু মহৰীৰ জীয়েক প্ৰেমলতাকে ধৰিম বুলি ভাবিছোঁ।
মিনাই!—তাইক ধৰিলে কি হব! তাই হ’ল লিখা পঢ়া জনা ছোৱালী, মই হ’লোঁ কৰ মূৰ নিচিনা মানুহ।
শ্যামা।—হ’ব নোৱাৰিছে। লিখা-পঢ়া জানিলে কি হ’ল! এতিয়া তাইৰ বয়স কি জানি একুৰি পোন্ধৰমান হ’ল। এতিয়ালৈকে দৰা নোলাল।
মিনাই।—তেনেকুৱা লিখা-পঢ়া জনা ছোৱালীলৈ দৰা নোলাল কিয়? সেইটোও তো ভাবিবলগীয়া।
শ্যাম।—তুমি কি জানি জানাই তাই প্ৰাইমাৰী পাচ কৰি মজলীয়া স্কুলতো দুবছৰ পঢ়িছিল। তাৰ পাচত গাঁৱত নতুনকৈ পতা ছোৱালীৰ স্কুলখনত মাষ্টৰণী হয়। তেতিয়া বাপেকে ভাবিছিল জীয়েকক কোনোবা শিক্ষিত ডাঙৰ মানুহে বিয়া কৰাব। সেই দেখি গাৱঁৰ যিমান ডেকাই ধৰিলে কাকো তেওঁ দিওঁ নুবুলিলে। এতিয়া বয়স বেচি হোৱাত গাৱঁলীয়া ডেকায়ো বিয়া নকৰোৱা হ’ল। শিক্ষিত মানুহ আগতে নোলাল, এতিয়া আৰু ক’ত ওলাব! সিদিনা বাপেকে কলে বোলে তেওঁ আৰু বাট নাচায়, বুঢ়া-ঠেৰা, হালোৱা-চহা যেয়েই হওক ধৰিলেই তেওঁ দি দিব। তুমি মত দিলে তাইকে মই বন্দবস্ত কৰিব পাৰোঁ।
মিনাই।—মানুহে কোৱা শুনো বোলে তাইৰ স্বভাব ভাল নহয়; সেইহে তাইক বিয়া কৰাবলৈ কোনো ওলোৱা নাই।