ক’লে বোলে ঠিক এনেকুৱা চাদৰ এখন মাজে-সময়ে তোলনে কান্ধত লৈ ফুৰায়। আগদিনা দেখোঁতেও তেওঁৰ কান্ধত চাদৰ আছিল। তাৰ পাচত দাৰোগাই চোতালত কিবা পায় বুলি চাই ফুৰোঁতে এঠাইত এটা খোজ ওলাল। খোজটো সোঁভৰিৰ, বুঢ়া আঙুলীটো বাওঁফাললৈ আৰু কেঞা আঙুলীটো সোঁ ফাললৈ বেকা।
দাৰোগা।— এই গাৱঁত এনেকুৱা ভৰিৰ মানুহ আছে নে?
সকলোৱে ভালকৈ চাই ক’লে,—“আন কোনোবা মানুহ আছে নে নাই ক’ব নোৱাৰোঁ। কিন্তু তোলনৰ সোঁভৰিৰ আঙুলীৰ লগত এই আঙুলীকেইটাৰ সম্পূৰ্ণ মিল আছে।
দাৰোগা।— সি আজি খবৰ লবলৈ আহিছিল নে?
মানুহ।— নাই। আজি হে নালাগে সেই মোকৰ্দমাৰ দিনাৰে পৰা আনহে নালাগে সকামলৈ মাতিলেও নাহে।
দাৰোগাই তেতিয়া খোজটোৰ এটা চিত্ৰ আঁকি ল’লে আৰু খোজটো যাতে কোনেও নোছোৱাকৈ ঢাকি ৰাখে তাৰ ব্যৱস্থা কৰিলে।
এইখিনি কাম শেষ হ’লত দাৰোগাই সকলো লিখি লৈ এটা চিপাহী লগত দি লাচটো প’ষ্টমৰ্টেম পৰীক্ষাৰ নিমিত্তে জিলালৈ পঠালে। শ্যামচাঁদৰ গাড়ী এখনতে লাচ পাঠোৱা হ’ল।