আৰু কিবাকিবি ঘৰুৱা কথা পাতিলোঁ। তেওঁক খুৱাবৰ নিমিত্তে শহুৰে হাঁহ এটা অনাই মৰাইছিল; মোকো ভাত খাই আহিবলৈ ক’লে। মই থাকিব নুখুজিছিলোঁ; পিচত এৰাব নোৱাৰি ৰ’ব লগাত পৰিলোঁ।
দাৰোগা।— তুমি তেন্তে ৰাতি তাতে থাকিলা?
তোলন।— নাই থকা। থাকিবলৈ মই তালৈ যাম বুলি ঘৰত কৈ যোৱা নাছিলোঁ।। সেই কাৰণে ঘৰত চিন্তা কৰি থাকিব বুলি খোৱা হ’লতে উলটি আহিলোঁ।
দাৰোগা।— তেতিয়া ৰাতি কিমান হৈছিল?
তোলন।— জোন পৰোঁ পৰোঁ হৈছিল।
দাৰোগা।— ইমান ৰাতি অকলৈ আহিবলৈ তোমাৰ ভয় লগা নাছিল নে?
তোলন — আলিয়ে আলিয়ে আহেঁতে কিহৰ ভয়! তাতে দাখন হাতত থাকিলে কোনো অপদেৱতায়ো ওচৰ চাপিবলৈ সাহ নকৰে।
দাৰোগা।— তোমাৰ হাতত তেন্তে দা এখন আছিল। চাওঁ কোনখন দা।
তোলনে।— দাখন আনি দেখুৱালে; দাৰোগাই হাতত লৈ চালে। দাখন বৰ চোকা আৰু একেবাৰেই চিকচিকীয়া।
দাৰোগা।— তুমি আহেঁতে বাটত কাৰবাক পাইছিলা নে?
তোলন।— নাই পোৱা।
দাৰোগা।– ক’তো একো দেখাও নাই নে?