পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৮৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


তেওঁৰ গাতে আৰোপ কৰিবলৈ চল লাগিব। তোমাৰ খোৰাক-পোচাক আদি মোৰ পৰাই পাই থাকিবা। ইয়াত তুমি আপত্তি নকৰিবা।”

দ্বিতীয় চিঠিখন ইয়াৰ তিন দিনৰ পিচৰ। তাত লিখা আছিল —

“তোমাৰ চিঠি পালে।। তুমি মোৰ কথাত আপত্তি কৰিছা, ভবিষ্যতলৈ ভবা নাই। এনেকৈ পলম কৰি থাকিলে এইটো উপায়ো শেহত নষ্ট হ’ব। তেনে হ’ব লাগিলে মই হ’লে একেবাৰেই টুপাই বুৰ মাৰিম। তুমি মৰা মৰিবা, তৰা তৰিবা। এতিয়াও যদি মোৰ কথামতে কাম কৰা, মই তোমাৰ সকলো দায়িত্ব লোৱাৰ উপৰিও নগদ এহেজাৰ টকা তোমাক জমা ৰাখিবলৈ দিম। কেতিয়াবা কিবা অথন্তৰ মিলিলেও সেই টকাৰেই চলিব পৰিবা।”

“চিঠিখন পঢ়িয়েই পুৰি পেলাবা। আগৰখন যদি এতিয়াও থৈ দিছা, তেন্তে তাকো পুৰিবা।”

তৃতীয়খন চিঠি মিনাইৰ মৃত্যুৰ দুদিন আগত লিখা। তাত লিখিছিল : “সেই দিনা মই ভাগ্যেহে সাৰিলে। তোমাক কাটিব বুলিয়েই ভাবিছিলোঁ। মৰিয়ায়েই যে এৰিলে সি তোমাৰ পৰম ভাগ্য। সেই দিনাৰ পৰা মোৰ দোকানৰ পৰা ওলাবলৈকে ভয় লাগিছে। তুমিযে ইমান দিন প্ৰত্যেক মুহূৰ্ত্ততে মৃত্যুলৈ অপেক্ষা কৰি একে ঘৰতে দিন কটাব লগা