বেপাৰী। সেই যে হালধিবাৰীৰ ট্ৰাঙ্ক ৰোডৰ ওপৰতে দোকানখন আছে তেৱেই নহয় নে?
পণ্ডিত। হয়, তেৱেঁই। তেওঁ ঘৰ লোৱাৰ পৰা প্ৰেমলতাৰ ঘৰলৈ আন মানুহৰ আহ-যাহ কমি আহিল। যোৱা বছৰত মানুহে তলে তলে কোৱাকুই কৰা শুনিলোঁ বোলে প্ৰেমলতাৰ গাত আসোঁৱাহ। তাৰ অলপ দিনৰ পাচতে ঘপহ কৰে মিনাই বুলি লিখা-পঢ়া নজনা বুঢ়া মানুহ এটাৰ লগত তেওঁৰ বিয়া হৈ গ’ল। শ্যামচাঁদেই এই বিয়া পতাৰ গুৰি। বিয়াৰ খৰচ-পাতি সকলো তেওঁৰেই। এতিয়া শুনিছোঁ মিনাইক কোনোবাই কাটিলে। তোলন কোচ বুলি মানুহ এটাক হেনো পুলিচে ধৰি নিছে। কথাটো হ’লে আমাৰ কাণত সোমোৱা নাই।
বেপাৰী। আপোনালোকে নো কি বুলি ভাবে?
পণ্ডিত। আমাৰ বোধেৰে বিয়া আৰু হত্যা দুয়োটাৰে মূল কাৰণ একে। বিয়াখন যেনে আচৰিত ঘটনা, এই হত্যাও তেনে আচৰিত। এই দুয়োটা ঘটনাৰ লগত নিশ্চয় কিবা এটা ৰহস্য সোমাই আছে।
বেপাৰী। কেনে ধৰণৰ?
পণ্ডিত। সেইটো কেনেকৈ কওঁ। কিন্তু কিবা এটা আছে বুলি অনুমান হয়।
বেপাৰী।—এৰা, আমাৰ সেইবোৰ ভাবিবৰ প্ৰয়োজন নাই। সেইবোৰ হৈছে পুলিচৰ কাম। পুলিচে ৰহস্য ভেদ কৰি থাকক; আমি মনে মনে থকাই ভাল।