বিজয়ে ক’লে,—“পুলিচে আচলতে চোৰাং কানি বিচাৰি অহা নাছিল, আহিছিল সেই হত্যাৰ বিষয়ে তদন্ত কৰিব লৈহে। পুলিচে বোলে প্ৰমাণ পাইছে,—এমাহমানৰ আগতে ছাহাকে আপোনাকে একেলগে পাই মিনায়ে কাটিব খুজিছিল। ছাহা হেনো লৰ মাৰি সাৰিলে আৰু আপোনাক ধৰি মিনায়ে খুটাত বান্ধি লৈ মৰিয়ালে। সেই ঘটনাৰ লগত মিনাইৰ মৃত্যুৰ কিবা সম্পৰ্ক থাকিব পাৰে বুলি পুলিচে সন্দেহ কৰিছে, আৰু সেই সম্পৰ্কে আপুনি লিখা কিবা চিঠি-পত্ৰ শ্যামচাদৰ ঘৰত ওলাব পাৰে বুলিয়েই খানাতালাচ কৰিছিল। পিচে সেই বিষয়ে একো নাপালে, কেচু খানোভে সাপ হে ওলাল;–চোৰাং কানিৰ ব্যৱসায়টো ধৰা পৰিল। এতিয়া সেই বিষয়ে প্ৰমাণৰ আৱশ্যক নাই। হাতে হাতে ধৰা পৰিছে, মজুত কানি আৰু খাতা-পত্ৰই তাৰ প্ৰমাণ। শাস্তিৰ হাত সাৰিবৰ তেওঁৰ উপায় নাই।”
প্ৰেম।— পিচে মোৰ বিৰুদ্ধে কথা ওলাবলৈ পালে কেনেকৈ?
বিজয়।—ইয়াত যদিও পুলিচে হত্যাৰ সম্পৰ্কে একো নুসুধিলে, থানালৈ নি তেওঁক হত্যাৰ বাবেও অপৰাধী কৰিলে। পুলিচৰ বিশ্বাস সেই দিনা মিনায়ে কাটিব খোজাৰ পৰাই শ্যামচাঁদে ভয় খাইছিল আৰু মিনাই জীয়াই থাকিলে তেওঁক এদিন নহয় এদিন কাটিব পাৰে বুলি সন্দেহ কৰিছিল। সেই বাবেই মিনায়ে নৌ কাটোঁতেই তেৱেঁই মিনাইক কাটিলে।