কাৰণত ঘৈণীয়েকক মাৰিছে। তেনেকৈ এদিন খুটাত বান্ধি মৰিওৱাৰ কথা তেওঁলোকে জানে। সি প্ৰায় এমাহৰ আগৰ কথা। তেওঁলোকে প্ৰেমলতাক কি হৈছে সুধিলে। তেওঁ মুখেৰে একো উত্তৰ নিদি ভিতৰলৈ আঙ্গুলীয়াই দিলে।
মানুহকেইটা ভিতৰলৈ সোমাই গ’ল। গৈয়েই জ্বলি থকা সৰু চাকিটোৰ পোহৰত যি দেখিলে তাত তেওঁলোকৰ আপাদমস্তক শিয়ৰি উঠিল। তেওঁলোকে দেখিলে মিনাইৰ মূৰটো ডিঙিৰ পৰা একেবাৰেই বিচ্ছিন্ন হৈ পৰি আছে, তেজে শোৱাপাটী ৰাঙলী কৰি তলত ডোঙা বান্ধিছে। ওচৰত এখন চাদৰ পৰি আছে।
ঘটনাটো তেতিয়াই গাৱৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পিল। এজন দুজনকৈ মানুহো চাপিবলৈ ধৰিলে। এনেকৈয়ে ৰাতি পুৱাৰ লগে লগে গাৱৰ সৰহ ভাগ মতা মানুহেই হাল-কোৰ এৰি ঘটনাস্থলত উপস্থিত হ’ল। তেওঁলোকে দেখিলে, যি এই কাম কৰিছে, তাৰ অকল মানুহটো মৰাহে উদ্দেশ্য। কিয়নো ঘৰৰ আন কোনো বস্তুতে হাত দিয়া নাই।
কোনো কোনোৱে ক’লে,—” তাক কোনেও মাৰিবলৈ অহা নাই; সি কিবা মনৰ বেজাৰত আপোনঘাতী হৈছে। ”
আন দুজনমানে ক’লে,—“কেতিয়াও নহয়। নিজে নিজৰ ডিঙিটো এনেভাবে দুছোৱাকৈ কাটিব নোৱাৰে।”
এনেকুৱা আলোচনা বহুত চলিল, কিন্তু সিদ্ধান্ত একো নহ’ল। সকলোৱে আলচ কৰি থানাত খবৰ দিবলৈ গাওঁবুঢ়াক