পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


বেপাৰী পণ্ডিতৰ প্ৰস্তাবত সম্মত হ’ল।

তেতিয়া দুয়ো পণ্ডিতৰ ঘৰলৈ গ’ল। পণ্ডিতে বেপাৰীক বহিবলৈ কৈ তামোল-ছালি খাবলৈ দিলে আৰু বস্তুকেইটা কিনি ল’লে।

প্ৰায়ভাগ পণ্ডিতেই এইবোৰ বস্তু আৰু লগতে কাগজ কিতাপ আদিৰ কাৰবাৰ কৰে; কেহো পণ্ডিতেও কৰে। নকৰিলে নো অকল লোকেল বোৰ্ডৰ তিনি-চাৰি মাহৰ মূৰত পোৱা বাৰ টকা দৰমহাৰে তৰে কেনেকৈ! কেহো পণ্ডিতে দেখিলে এওঁৰ বস্তুৰ দাম বজাৰতকৈ বহুত শস্তা, সেই কাৰণে এওঁৰ লগত অলপ খাতিৰ ৰখা ভাল। ইয়াকে ভাবি বেপাৰীক এটোপা চাহ খাই যাবলৈ ক’লে।

চাহ-পানী আহে মানে তেওঁলোকে কথা-বতৰা পাতি সময় কটাবলৈ ধৰিলে। বেপাৰীয়ে ক’লে ,—“আজি-কালি বহুতো ছোৱালীয়ে শিক্ষা পাইছে। তথাপি দেখোন ছেৱালীৰ স্কুলত এতিয়াও পুৰুষ শিক্ষক নহ’লে নচলা হৈয়েই আছে। ইয়াৰ কাৰণ কি? ছোৱালীৰ স্কুলত শিক্ষয়িত্ৰী ৰখা ভাল। নহয় জানো?”

পণ্ডিত।—জানো হয় নে নহয়! এইখন স্কুলতে প্ৰথমতে প্ৰেমলতা নামে শিক্ষয়িত্ৰী এগৰাকীয়েই আছিল, পিচত হে মোক আনিছে।

বেপাৰী!— কিয়?