এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
পঞ্চদশ অধ্যায়
প্ৰেম।— মই এতিয়া একো ক’ব লোখোজোঁ। প্ৰয়োজন দেখিলে সকলো কথা ক’ম। আপুনি বেয়া নাপাব।
বিজয়।—বেয়া পাবৰ একো কাৰণ নাই। পিচে এটা কথা,—আজিয়েই পুলিচ আহিব পাৰে আৰু গ্ৰেপ্তাৰ কৰিব পাৰে। আপুনি সাজু হৈ থাকিব। কিন্তু মোৰ পৰা আগধৰি গম পাইছে বুলি যেন ক’তো নুলিয়ায়। তেতিয়া হ’লে ময়ো মৰা পৰিম।
নুলিয়াওঁ বুলি প্ৰেমলতাই শপত খালে।
বিজয় তেতিয়া দোকানলৈ আহিল আৰু সোনকালে খাই-বৈ নগৰলৈ ওলাল। তেওঁ শ্যামচাঁদৰ ভতিজাকক থকা ঘৰৰ চাবি দি ক’লে,—“মহাজনৰ খবৰ লোৱা আৰু উকীল ধৰি কি কৰিব পাৰি চেষ্টা কৰা আমাৰ কৰ্ত্তব্য। তালৈকে দিনৌ অহা-যোৱা কৰি থাকিলে নহয়। কেইদিন মান একেৰাহে নগৰতে থাকিব লাগিব। সেই দেখি মোৰ মাল-বস্তুও লৈ যাওঁ। কেইদিনমানৰ মূৰত ঘূৰিব পাৰে। ঠিক নাই। মুঠতে মহাজনক মুকলি কৰিব নোৱৰালৈকে মই নাহোঁ।” তাৰপাচত দুপৰীয়াৰ বাচ ধৰি তেওঁ নগৰলৈ যাত্ৰা কৰিলে।