পৃষ্ঠা:হত্যাকাৰী কোন.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম অধ্যায়

 প্ৰায় দহমান বজাত এখন মটৰ আহি মিনাইৰ ঘৰৰ আগত ৰ’ল। মটৰ পৰা নামিল এজন দাৰোগা, দুজন চিপাহী আৰু গাওঁবুঢ়া।

 দাৰোগা ভিতৰ সোমাল আৰু মিনাইৰ শটো চালে। মাৰল ঘৰত চালপীৰা এখনত শুই থকা অৱস্থাতে তেওঁৰ মূৰটো কটা তাছে। ওচৰত কোনো অস্ত্ৰ নাই। কিন্তু মাটিত এখন চেলেং পৰি আছে | আত্মহত্যা নে আন প্ৰকাৰ হত্যা দাৰোগাই ঠাৱৰাব নোৱাৰিলে। অৱশ্যে ওচৰত কোনো অস্ত্ৰ নথকাত আন কোনোবাই হত্যা কৰিছে বুলিয়েই সন্দেহ কৰিলে। তেওঁ প্ৰেমলতাক প্ৰশ্ন কৰিলে, —“যেতিয়া এই ঘটনা ঘটে তেতিয়া তুমি লগত নাছিলা জানো?”

প্ৰেম।— নাছিলোঁ। আগেয়ে দুয়ো বৰ ঘৰতে শুইছিলোঁ। আজি কিছুমান দিনৰ পৰা বৰ ঘৰত বেচি গৰম বুলি তেওঁ মাৰল ঘৰতে অকলৈ শুইছিল।

দাৰোগা।—তুমি ক’ত শুইছিলা?

প্ৰেম।—বৰ ঘৰত।

দাৰোগা।—তুমি কোনো সাৰ-সঁহাৰি পোৱা নাছিলা নে?

প্ৰেম।—নাই।

দাৰোগা।—তুমি কেতিয়া গম পালা?