প্ৰেললতা আৰু শ্যামচাঁদ মাজৰ খোটালীলৈকে সোমাই গ’ল আৰু দুয়ো খাটৰ ওপৰতে বহিল। শ্যামচাঁদে প্ৰেমলতাৰ ডিঙিত সাবটি ধৰিলে। প্ৰেমলতাই হাতটো এৰুৱাই গহীনহৈ ক’লে,—“ক’তা! টকা ক’তা?
শ্যাম।— নাই।
প্ৰেম।— দিম দিম বুলি তুমি সদায় ফাকি দি আছা। মই আৰু বাট চাব নোৱাৰোঁ।
শ্যাম।—টকাৰে নো কি কৰিবা! তোমাৰ খোৰাক পোচাক পাই থাকিলেই নহয় জানো?
প্ৰেম।—নহয়। এতিয়া নহয় দুদিন খোৰাক-পাচাক দিলা, পিচত নিদিলে মই কি কৰিম!
শ্যাম।—তুমি এতিয়াও মোক বিশ্বাস কৰিব পৰা নাই?
প্ৰেম।— নাই। তুমি দোকানী মানুহ। কথাতে কয় বোলে “কতো নাই সচা কথা ধূৰ্ত্ত বেপাৰীৰ।”
শ্যাম।— বাৰু পাবা; এজেহাৰ হে নালাগে তাতোকৈ বেচিকৈ পাব। মুঠেই মোকৰ্দ্দমাটোৰ কি হয় এটা হৈ যাওক।
প্ৰেম।— তেতিয়ালৈকে মই বাট চাব নোৱাৰোঁ। মোক আজিয়েই লাগে।
শ্যাম।— যদি একেবাৰেই নিদিওঁ তেতিয়া কি কৰিবা?
প্ৰেম।— সঁচা কথা কৈ দিম।
শ্যাম।—তেতিয়া তুমিও মৰিবা।