পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
নবম অধ্যায়

 কেহোৱে তেওঁৰ বস্তু চাব খুজিলে। বেপাৰীজনে এবিধ এবিধকৈ উলিয়াই দেখুৱালে। কেহোৱে সকলোবোৰ চাই-চিতি সুধিলে,—“আপুনি এই কাঠ পেন্সিল কেনেকৈ দিব পাৰিব। ”

 বেপাৰী।— আপুনি বাৰু ঠিক এনে পেন্সিল কেনেকৈ কিনে?

 কেহো।— গাৱঁৰ দোকানত ডালে দু অনা, জিলাত ছপইচাকৈ পায়। আপুনি কিমানত দিব পাৰে?

 বেপাৰী।— আপুনি কিমান ল’ব খোজে? এডাল-দুডাল হ’লে বজাৰ দৰমতেই হ’ব। ডজনহিচাপে ল’লে কম পাৰিব।

 কেহো।—কিমান?

 বেপাৰী।—ডজনত বাৰ অনা।

 কেহো।—মাটি পেন্সিল একা?

 বেপাৰী।—ইয়াৰো বাকচত বাৰ অনা।.

 কেহো।—আৰু চিয়াহী?

 বেপাৰী।—বজাৰত এই চিয়াহী গোটে পইচাকৈ বিক্ৰী হয়, সেই মতে এক গ্ৰোচত দুটকা চাৰি অনা হয়। মই পাঁচ মহাত দিব পাৰোঁ।

 পণ্ডিতে তেতিয়া মাটি পেন্সিল চাৰি বাকচ, কাঠ পেন্সিল চাৰি ডজন, আৰু চিয়াহী চাৰি টেমা ল’ব খুজি ক’লে,—“এতিয়া। মোৰ হাতত পইচা নাই। মোৰ ঘৰ ওচৰতে। যদি অনুগ্ৰহ কৰি এই দুখোজ যায় তেন্তে ল’ব পাৰোঁ।”