বিশ্বাস। চোৱাৰ পৰা মোৰ একো হানি নহয়, কিন্তু অনাহকত মোক আমনি কৰাত হে দুখ লাগিছে।”
পুলিচ চাহাব দলে বলে শোৱনী ঘৰত সোমাল। আন মানুহো কিছুমান গোট খালে।
খোটালীটোত একাষে এখন ডাঙৰ চালপীৰা। তাতে শ্যামচাঁদ শোৱে। মূৰ-শিতানৰ ফালে বাৰৰ কাষলৈ এটা লোহাৰ বাকচ। তাৰ কাষতে এখন বেঞ্চত কেইটামান ষ্টীল টাঙ্ক। এফালে এটা আলমাৰী আৰু এডাল “আলনা”। আলনাতে কাপোৰ কানি আৰু একেবাৰেই তলত কেইজোৰমান জোতা আছে। দুৱাৰৰ পোনে পোনে এখন মেজ আৰু তাৰ চাৰিফালে চাৰিখন চকী। ঘৰটোৰ ভিতৰত ইমানেই সম্বল।
পুলিচ শোৱনী ঘৰত সোমোৱাৰ পিচতেই বিজয় আহি পালে। তেৱোঁ তালৈকে সোমাই গ’ল আৰু কি হৈছে শ্যামচাঁদক ফুচফুচাই সুধিলে। পুলিচ চাহাবে তেতিয়া ভেকাহি মাৰি ক’লে ,—“তুমি কোন? কি লাগে?”
বিজয়।— মই এই দোকানতে কাম কৰোঁ, হিচাপ-পত্ৰ ৰাখো। মই আজি দোকানত নাছিলোঁ; কি হৈছে বুজিব নোৱাৰি মহাজনক সুধিছিলোঁ।
পু, চা।—এতিয়া তুমি আঁতৰি যোৱাঁ; দৰকাৰ হ’লে তোমাক বিচাৰিম!
বিজয় ওলাই আহিল আৰু বাহিৰত থকা মানুহক ঘটনাটো