হৈছে তাক ভাবিলেও গাৰ নোম শিয়ঁৰি উঠে। মিনায়ে সেই দিনা কোৱা কথাৰ পৰা বুজা গৈছে, সি মোক কাটিব পৰিলেই তোমাকো কাটি আপোনঘাতী হ’ব। মুঠতে মিনাই থাকিলে তিনিওটা মৰিব লাগিব, কিন্তু তাক মাৰিলে আমি ৰক্ষা পাম।
“সেইদিনাৰে পৰা মই তাৰ আয়োজনত ধৰিছোঁ। এতিয়া আমাৰ শত্ৰু প্ৰকৃততে দুটা; এটা তোলন কোচ, আনটো মিনাই। একেটা কাৰ্য্যৰ দ্বাৰা দুয়োকে পাৰ কৰিবৰ মোৰ মতলব। যি দিনাই সুবিধা হয়, সেই দিনাই এই কাৰ্য্য সমাধা কৰিম। তুমি সাহায্য কৰা বা নকৰা বাধা নিদিবা; কিয়নো এই কাৰ্য্য ঘাইকৈ তোমাৰ মঙ্গলৰ নিমিত্তে।”
“এইবোৰ চিঠিত লিখা কথা নহয়। কিন্তু মিনায়ে দিনে ৰাতিয়ে পহৰা দি থকাত তোমাক লগ ধৰিবৰ উপায় নাই। তুমি পঢ়িয়েই পুৰি পেলাব৷। নতুবা যি বিপদৰ হাত সাৰিব খুজিছো তাক চপাই লোৱা হে হ’ব।”
চিঠি পঢ়ি দাৰোগাই সুধিলে,—“শ্যামচাঁদে লিখামতে আপুনি চিঠিকেইখন নুপুৰিলে কিয়?”
প্ৰেম।—তেওঁ মোক দিম বোলা এহেজাৰ টকা পিচত দিম বোলাত মোৰ সন্দেহ হৈছিল; সেই দেখি আগৰ দুখন চিঠি ৰাখি থৈছিলোঁ। এতিয়ালৈকে টকা আদায় কৰিব নোৱৰাত তাকো পোৰা নাই। শেহৰখন চিঠিত যি প্ৰস্তাব কৰিছিল তাত মোৰ মত নাছিল। হয়তো পিচত সঁচা কথা কোৱাৰ প্ৰয়োজনো হ’ব পাৰে বুলি থৈ দিছিলোঁ।