চিপাহীয়ে বিছনাখন মেৰিয়াই তুলি আনিলে। ছাহাৰ মুখ ক’লা পৰিল। সকলোৱে দেখিলে চালপীৰাৰ মাজতে কব্জা লাগোৱা ঢাকনী এখনত তলা লগোৱা আছে; তলফালে বাকচ। পুলিচ চাহাবে ক’লে—“তলাটো মেলা।”
শ্যামচাঁদে ক’লে—“চাবি নাই। যেতিয়া দোকানঘৰ খেৰী আছিল আৰু লোহাৰ চন্দুকো নাছিল, তেতিয়া ইয়াতে দোকানৰ টকা-পইচা, খাতা-পত্ৰ থৈছিলোঁ। এই ঘৰ হোৱাৰ পৰা লোহাৰ চন্দুকতে থওঁ। তেতিয়াৰে পৰা ইয়াৰ প্ৰয়োজন নোহোৱাত চাবিৰ খবৰেই লোৱা নাই।”
পু,চা।—চাবি দিবই লাগিব।
শ্যাম।—নহ’লে ক’ৰ পৰা দিম?
তেতিয়া পুলিচ চাহাবে কজা এৰুৱাবলৈ চিপাহীক আদেশ কৰিলে।
কব্জা এৰুওৱাত ঢাকনী এৰাই পৰিল। তেতিয়া ঢাকনী গুচালত বাকচটোত কানি আৰু এখন খাতা ওলাল। জোখ কৰাত কানি চাৰে তিনি সেৰ হ’ল। খাতাত তেওঁৰ এজেণ্টৰ নাম-ধাম আৰু নিয়া কানিৰ হিচাপ আছে।
শ্যামচাদৰ মাতবোল একেবাৰেই হৰিল। তেতিয়াই তেওঁক হেণ্ডকাফ দিয়া হ’ল।
পুলিচ চাহাবে তেতিয়া বিজয়ক মাতি ক’লে,—“তুমি দোকানৰ হিচাপ ৰাখোঁ বুলিছিলা নহয়?”
বিজয়।—হয়।