হৈছে। কিন্তু এটা কথা—মই হলোঁ বুঢ়া, মোক ছোৱালী দিব কোনে? আৰু দিলেই বা! সেই ছোৱালীৰ আগলৈ কি গতি হ’ব? মইতো বেচি দিন জীয়াই নাথাকো।”
শ্যাম।— তোমাৰ কথা মই বুজিছো। সঁচাকৈয়ে সৰু ছোৱালী এজনী তুমি বিয়া কৰোৱাও অন্যায় হ’ব আৰু তেনে ছোৱালী এজনী তোমালৈ দিয়াও অন্যায় হ’ব। কিন্তু ডেৰকুৰি দুকুৰি বছৰ বয়সীয়া ছোৱালী এজনী বিয়া কৰালে একো অন্যায় নহয়।
মিনাই।—সিমান বয়সৰ ছোৱালী ক’ত ওলাব! তেতিয়া হ’লে বাটলু বিচাৰিব লাগিব।
শ্যাম। —আবিয়ৈ ছোৱালীয়েই ওলাব। তুমি মুঠেই মত দিয়াঁ। মই সকলো দিহা কৰি দিম।
মিনাই। —কথাটো শুনাতে কেনেবা কেনেবা লাগিছে। ভাল ছোৱালী হ’লে ইমান বয়সলৈকে আবিয়ৈ থাকি এতিয়া বিয়া সোমাবলৈ আহিব কিয়? আকৌ যদি দৰা নোলোৱাতহে বিয়া হোৱা নাই তেন্তে তেওঁৰ কিবা এটা দোষ আছে। আগেয়ে কওকচোন বাৰু আপুনি ক’ত চকু দিছে।
শ্যাম।—কম। আগেয়ে তুমি বিয়া কৰাবা নে নকৰোৱা খাটাংকৈ কোৱাঁ।
মিনাই।—কৈছো নহয় বিয়া কৰাবলৈ মোৰ সমূলি মন নাছিল, পিচে নকৰালেও ঘৰ চলাব নোৱাৰোঁ। সেই দেখি মনে-পিঠিয়ে আটিলে বিয়া কৰাব পাৰোঁ।