পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সপ্তদশ অধ্যায়।

 চোৰাংকানিৰ কাৰবাৰত শ্যামচাঁদৰ তিনি জন পাইকাৰ থকাৰ প্ৰমাণ তেওঁৰ খাতাৰ পৰাই পোৱা গ’ল; অন্যান্য লাগতিয়াল প্ৰমাণো সহজে পোৱা গ’ল। বিচাৰকে আটাইকেইজনকে দোষী সাব্যস্ত কৰি শ্যামচাঁদক এহেজাৰ টকা জৰিমনা কৰিলে আৰু এবছৰ ফাটেকত দিলে। পাইকাৰ কেইজনৰ প্ৰত্যেকৰে ছমাহ ফাটক আৰু দুশ টকাকৈ জৰিমনা হ’ল।

 তোলনৰ আপীলৰ ফলত গোচৰটো চৰজমিন তহকিৎ কৰি পুনবিচাৰ কৰিবলৈ আদেশ হ’ল। এইমতে বিচাৰ কৰাত সকলোৱে ক’লে যে আগৰ বছৰত গৰুটো মৰাত টকা বিচৰাৰ বাহিৰে, আন সময়ত তোলনে ধাৰলৈ টকা বিচৰাৰ কথা ক’ব নোৱাৰে। তদুপৰি তোলনৰ মাটিখিনি কিনিবলৈ শ্যামচাঁদে বহুতো মানুহ লগাইছিল, কিন্তু একোপধ্যে তোলনক সন্মত কৰাব নোৱাৰিলে। যাক যাক লগাইছিল তেওঁলোকে নিজে স্বীকাৰ কৰিলে। ইয়াৰ ভিতৰত তিনি শ টকা খৰচ কৰিব লগীয়া কোনো কাম তোলন কৰা নাছিল, অথচ বৰ্ত্তমান মোকৰ্দ্দমাত উকীল ধৰিবলৈকো তেওঁৰ ঘৰত টকা নাছিল। .

 তোলনে শ্যামচাঁদৰ পৰা এবাৰতকৈ বেচি বাৰ ধাৰ কৰা