পৃষ্ঠা:হত্যাকাৰী কোন.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেই জুপুৰী বহাটোৰ ঠাইত এতিয়া এটা ডাঙৰ টিনৰ ঘৰ হল। বুদাইৰ মাটিখিনি শ্যামচাঁদে একেবাৰেই কিনি ল’লে আৰু তাৰ কাষত থকা আন আন মানুহৰ মাটিও কিনি লৈ গোটেই টোলটো এপূৰামান মাটিৰ কৰিলে। ভিতৰ ফালে দুটা টিনৰ গুদাম ঘৰ, তাত তেওঁ খেতিয়কৰ পৰা ধান, সৰিয়হ, মৰাপাট কিনি জমা কৰে আৰু বজাৰ দৰ বঢ়াৰ লগে লগে বিক্ৰী কৰে। এই কামৰ নিমিত্তে এতিয়া তেওঁ দুখন গাড়ীও ৰাখিছে। প্ৰথম চাৰি বছৰত তেওঁ অকলৈ দোকান চলাইছিল; কানিৰ দোকান লোৱাৰ পৰা কৰ্ম্মচাৰী বাঢ়ি এতিয়া আঠজনমান হৈছে। গাৱঁৰ সৰহ ভাগ মানুহেই তেওঁৰ ধৰুৱা। ৰুপিত মাটিও দহ পূৰামান ইয়াৰ ভিতৰতে বেলেগ বেলেগ ঠাইত লৈছে। যিখন কানিৰ দোকানৰ পৰা আগৰ অসমীয়া মহলদাৰে খোৰাকিটোকে উলিয়াব নোৱাৰিছিল, সেই দোকানকে লৈ ছবছৰৰ ভিতৰতে শ্যামচাঁদ ইমান সম্পত্তিৰ মালিক হোৱা দেখি সকলোৱে আচৰিত মানিলে।

 শ্যামচাঁদে প্ৰথমে দোকান আৰম্ভ কৰাৰ পৰা এতিয়া দহ বছৰ হৈছে। ইয়াৰ ভিতৰত মাত্ৰ দুবাৰহে অলপ দিনৰ নিমিত্তে ঘৰলৈ গৈছিল। শুনা যায় দেশত তেওঁৰ লৰা-তিৰুতাও আছে, কিন্তু তেওঁলোকক অনা নাই।

 এওঁৰ দোকানৰ পৰা মিনাইৰ ঘৰলৈ তোলনৰ বাৰীখন আৰু বোৰ্ডৰ আলিটোৰ মাত্ৰ ব্যৱধান। সেই কাৰণে মিনাই প্ৰায়েই এওঁৰ দোকানলৈ গৈছিল, এৱোঁ মাজে মাজে মিনাইৰ