প্ৰেম।— পিচে ছাহাই কি কৈছে?
বিজয়।— ছাহাই ক’লে বোলে প্ৰেমলতাৰ লগত যিটো মানুহক পাই মিনায়ে কাটিব খুজিছিল, সেইটো তেওঁ নহয়, আন কোনোবা মানুহহে। কোন তেওঁ ক’ব নোৱাৰে। সেই দিনাৰ পৰা মিনায়ে দুয়োটাকে কাটিম বুলি দা লৈ ঘৰতে বহি থাকে। প্ৰেমলতাৰ ভয়ত তত্ নাই। কেনেকৈ ৰক্ষা পাব ভাবি লঘোনে-ভোকে দিন নিয়ায়। ইয়াৰ আগতে তোলন কোচে তাৰ বিৰুদ্ধে সাক্ষী কোৱাৰ বাবে মিনাইক কাটিম কাটিমকৈ ফুৰিছিল। ছাহাই কয় আপুনি আন উপায় নাপাই তোলনৰ লগত পৰামৰ্শ কৰি এই কামটো কৰিলে।
প্ৰেম।— যদি এয়েই হয় তেওঁ কেনেকৈ জানিলে?
বিজয়।— শ্যামচাঁদে কয় বোলে তোলন ঘূৰি আহোতে তেওঁ দোকানৰ বাৰাণ্ডাতে আছিল। তোলনে দা লৈ যোৱা দেখাৰে পৰা তেওঁৰ মনত সন্দেহ জন্মিছিল। এতিয়া শেহনিশা তেওঁক অহা দেখি সেই সন্দেহ বেচি বলবৎ হয়, আৰু মনে মনে তেওঁৰ পিচ লৈ আলিৰ পৰা আলেখলেখ চাই থাকে। তোলন আহি আপোনাৰ ঘৰত সোমায় আৰু অলপ সময়ৰ পাচত ওলাই যায়। ওলাই যাওঁতে আপুনিও হেনো লগত আছিল, তাৰ পৰাই আপোনাৰো যে যোগ আছে বুজিব পাৰিছিল।
প্ৰেম।—এই কথা তেওঁ আগতে কোৱা নাছিল কিয়?
বিজয়।— আপোনাক পাৰিলে সৰুৱাবৰ নিমিত্তেই হেনো