নৰে।—এতিয়া আমাৰ বিশ্বাস, প্ৰেমলতাই মিনাইক মৰাত সাহায্য নকৰিব পাৰে, কিন্তু তেওঁ জানে আৰু জানিও বাধা দিয়া নাই।
শ্যাম।—কাৰ মনৰ কথা কি, আমিনো কেনেকৈ কওঁ। এইবোৰ আলচ নকৰাই ভাল। আকৌ লাগিলে তুমিও সাক্ষী হ’বগৈহে লাগিব।
তেওঁলোকে কথা আৰম্ভ কৰোঁতেই এজন নতুন মানুহ দোকানত সোমাইছিল। আলিৰ কাষৰ দোকান, কত বাটে যোৱা মানুহে আন নহলেও বিড়ি-দিয়াচলাই কিনিবলৈ সোমায় তাৰ কি লেখ আছে! মানুহজন ডেকা, মূৰত সেওঁতা ফলা, ডাঢ়ি খুৰোৱা, গোফ নাকৰ তলতে দুই-আঙুলমান হ’ব। চকুত বিতচকু, কঁকালত ধুতী, গাত পাঞ্জাবী আৰু ভৰিত এজোৰ ৰবৰৰ জোতা।
দোকানীটো তেতিয়া কেইজনমান মানুহক বস্তু দিয়াত ব্যস্ত আছিল। মানুহজনে একো নকৈ দুৱাৰৰ কাষতে থিয় হৈ আছিল। বস্তু দি আজৰি হ’লত দোকানীয়ে তেওঁক কি লাগে সুধিলে। মানুহজনে ক’লে,—“মোক আন একো নালাগে, এবাৰ মহাজনক লগ পাব খোজে।”
দোকানীয়ে তেতিয়া শ্যামচাদক আঙ্গুলীয়াই দেখুৱালে। মানুহজন ওলাই আহিল আৰু শ্যামচাদক নমস্কাৰ জনালে। শ্যামচাঁদে সুধিলে,—“কি লাগে?