পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
নবম অধ্যায়

 পণ্ডিত।— কি নো ক’ম সেইবোৰ কেলেঙ্কাৰীৰ কথা। শিক্ষয়িত্ৰী গৰাকী আমাৰ গাৱঁৰে ছোৱালী, ছাত্ৰবৃত্তিলৈকে পঢ়া। নগৰত থাকি পঢ়িছিল, পিচে পৰীক্ষা নিদিয়াকৈ গুচি আহিল। গাৱঁৰ ৰাইজে ভাবিলে বোলে গাৱতে এজনী শিক্ষিতা ছোৱালী এনেয়ে বহি আছে যেতিয়া এখন ছোৱালীৰ স্কুলকে পাতি দিয়া যাওক। সেইমতেই ঘৰটো সাজি স্কুল আৰম্ভ কৰিলে। এখন মেনেজিং কমিটিও পতা হ’ল। কমিটিয়ে প্ৰেমলতাকে শিক্ষয়িত্ৰী নিযুক্ত কৰিলে। অলপ দিন চলাৰ পাচত লোকেল-বোৰ্ডে স্কুলখন মঞ্জুৰ কৰি বোৰ্ডৰ অধীনলৈ নিলে। প্ৰেমলতাৰ স্বভাৱ বৰ ভাল নহয় বুলি মেনেজিং কমিটিয়ে জানিছিল। তথাপি ওচৰত তেনে শিক্ষিতা ছোৱালী নথকাত, আৰু দায়িত্ব পালে ভাল হোৱাৰ আশাত তেওঁ লোকে তেওঁকেই নিয়োগ কৰিলে। পিচে মিছা হ’ল; তেওঁৰ চৰিত্ৰ সংশোধন হোৱা দূৰত থাকক, দিনে দিনে বেচিকৈহে বেয়া হ’বলৈ ধৰিলে। স্কুল চলি থাকোঁতেও তালৈকে তেওঁৰ বন্ধু-বান্ধবৰ সমাগম হ’বলৈ ধৰিলে।

 বেপাৰী। কমিটিয়ে এইবোৰ দেখি শুনি মনে মনে থাকিল নে?

 পণ্ডিত। কমিটিয়ে তেওঁক কেইবাবাৰো সতৰ্ক কৰি দিছিল, কিন্তু খেদাবৰ কাৰবাৰ কৰা নাছিল।

 বেপাৰী। কিয়?

 পণ্ডিত। তেওঁক বোৰ্ডে নিযুক্ত কৰা নাছিল, কমিটিয়েহে