পু, চা।— কেনেকৈ জানিলে?
সুদৰ্শন।— প্ৰথমতে প্ৰেমলতাৰ লগত কথা পাতোঁতে মই তেওঁৰ চকু আৰু মুখৰ ভঙ্গীলৈ দৃষ্টি ৰাখিছিলোঁ। তাত বিশেষ উৎকণ্ঠাৰ লক্ষণ দেখা গৈছিল। কিন্তু সি শোক বা বেজাৰৰ নহয়, ভয়ৰ হে। তেওঁৰ ভাব দেখি এনে বোধ হৈছিল যেন ঘটনাটোৰ আৰু অনুসন্ধান কৰাটো তেওঁ ভাল নাপায়। যিমান সোনকালে পাৰি ঘটনাটোৰ সামৰণি মাৰিলেই যেন তেওঁ ৰক্ষা পায়। তাৰ পাচত খোজটো। এইটোৱেই তোলনৰ নিৰ্দ্দোষিতাৰ প্ৰমাণ।
পু, চা।— নিৰ্দ্দোষিতাৰ নে দোষৰ?
সুদৰ্শন।— নিৰ্দ্দোষিতাৰ।
পু, চা।— কেনেকৈ?
সুদৰ্শন।— খোজটো চোতালৰ মাজতে আছে আৰু প্ৰায় তিনি ইঞ্চিমান তললৈ বহিছে। বাকী গোটেইখন চোতালত কোনো চিন নাই। সেইদিনা বৰষুণ হ’ব পাৰে, কিন্তু গোটেইখন চোতালত মাত্ৰ ভৰিৰ খোজ এটাৰ জোখৰ ঠাইত তিনি ইঞ্চি তললৈ খোজ বহিব পৰা বোকা হ’ব আৰু বাকীখিনিত চিন ছাব একো নাথাকিব, এইটো কেনেকৈ সম্ভব হ’ব পাৰে। তাৰ উপৰি ঘটনাৰ দিনা অলপ বৰষুণ থকাত খোজটো হয়তো আন মাটিৰ লগত মিলি আছিল, কিন্তু এই কেইদিন ৰ'দ দিয়াত তাৰ চাৰিওফালে ফাট মেলি আন মাটিৰ পৰা বেলেগ হৈ আছে। মই লৰাই চাই দেখিলোঁ খোজটো তাৰ
৩