প্ৰেম।—মৰোঁ যদি মৰিম। জীয়াই থাকিনো কিটো কৰিম!
শ্যাম।—তুমি মৰিব পাৰিবা, মোক মাৰিব নোৱাৰা।
প্ৰেম।—দেখা যাব কোন ক’ত মৰে।
শ্যাম।—কি দেখিবা! গোলমাল কৰিলে তোমাৰো তোলনৰ লগত যোগ আছে বুলি প্ৰমাণ কৰি দিম। তেতিয়া তুমিয়েই মৰা পৰিবা।
প্ৰেম। মৰোঁ মৰিম। তোমাৰ ব্যৱহাৰ আৰু কাম-কাজ দেখি সঁচাকৈয়ে মোৰ মৰিবৰেই মন গৈছে। কিন্তু মই অকলৈ নমৰোঁ, তোমাক মাৰিহে মৰিম।
শ্যামাচাঁদ বিবৰ্ণ হ’ল। অলপ-বেলি নীৰৱে থাকি ক’লে—“তোমাৰ টকা দুই-এদিনৰ ভিতৰতে পাবা। কিন্তু এটা কথা, মোৰ চিঠিখন পঢ়িয়েই পুৰি পেলাবলৈ কৈছিলোঁ; তুমিও পুৰিলোঁ বুলি কৈছিল৷। কথাটো সঁচা নে মিছা?”
প্ৰেম।—মিছা। মই তাক এতিয়াও পোৰা নাই।
শ্যাম।— এইটো তুমি বৰ বেয়া কাম কৰিছা। এতিয়াও আনা, তাক পুৰি পেলোৱা যাওক।
প্ৰেম।—টকা হেজাৰ নোপোৱালৈকে মই তাক পুৰিবলৈ নিদিওঁ।
শ্যাম।—মই নিজে বাকচ ভাঙি উলিয়াই নিম।
প্ৰেম।—বাকচ ভাঙিলে নোপোৱা।