তেওঁলোকৰ চিনাকী মহৰীজনকো লৈ গৈছিল। সকলো কথা শুনি উকীলে ক’লে,—“এতিয়া মই একো ক’ব নোৱাৰোঁ। আসামী এতিয়াও পুলিচৰ হাততে। পুলিচৰ ৰিপোট নহালৈকে ঘটনাৰ মোৰ ধৰা সম্ভব নহয়। এতিয়া জামীনৰ আবেদন কৰাও মিছা।”
মলো আৰু মোহনে উকীলক পাঁচ টকা বয়না দি যি হয় কৰিবলৈ খাটনি ধৰি গুচি আহিল।
ইয়াৰ পাচত এসপ্তাহ গ’ল। মলো ইয়াৰ ভিতৰতে আৰু তিন দিন উকীলৰ ঘৰলৈ গ’ল, কিন্তু কাম একো নহ’ল। পুলিচৰ ৰিপোৰ্ট এতিয়াও অহা নাই।
আঘোণীৰ ভনী-জোৱাঁয়েকৰ ভায়েক বলো পুলিচ চাহাবৰ চাপ্ৰাচী আছিল। আঘোণীয়ে তেওঁৰ ওচৰলৈকে এবাৰ গৈ কিবা কৰি পাৰে নে চাব খুজিলে। তেওঁ তেতিয়া লৰা-ছোৱালী হাল আৰু ঘৰখন মোহনক চমজাই এখন গৰুৰ গাড়ীত নগৰলৈ ওলাল। লগত মলোও গ’ল।
ৰাতি দহমান বজাত আঘোণীয়ে বলোৰ ঘৰ পালেগৈ। বলোৱে তোলনক গ্ৰেপ্তাৰ কৰাৰ কথা আগেয়ে শুনিছিল আৰু খা-খবৰো কৰিছিল, কিন্তু একো কৰিবৰ শক্তি নাছিল। এতিয়া আঘোণী যোৱাত ক’লে,—“মই কি কৰিম! মোৰ কি হাত আছে! মই এটা চাপ্ৰাচীহে! মোৰ কথা কোনে শুনিব! এটা কাম কৰিব পাৰোঁ। পুলিচ চাহাব অসমীয়া মানুহ, ব্যৱহাৰো ভাল। মই কালিলৈ তোমাক তেওঁৰ ওচৰলৈ লৈ যাম। তুমি