পৃষ্ঠা:হত্যাকাৰী কোন.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
হত্যাকাৰী কোন?

ঘৰলৈ গৈছিল। দুয়োৰে মাজত বৰ মিল আছিল। মিনাইৰ পৰিয়ালৰ মৃত্যুত পুতৌ কৰি শ্যামচাঁদে কলে—“বুজিছা নে ভকত। এনেকৈ দিন কটোৱা অসম্ভব। তুমি আকৌ বিয়া কৰোৱা।”

 মিনাইৰ শোক দুগুণ হল; উচুপি উচুপি ক’লে,—“আৰু মোক তেনে কথা নক’ব, আকৌ সেইবোৰ জঞ্জাল লগাই নলওঁ। যি হৈ গ’ল সেয়ে ভালকৈ জুৰিছে। এতিয়া যেনে-তেনে চকু মুদিব পাৰিলেই হয়।”

 শ্যামচাঁদে কিন্তু প্ৰায়েই বিয়াৰ কথা উলিয়াই কয়, “চোৱাঁ, আজি তুমি জ্বৰ-নৰিয়াত পৰিলে এটোপা পানী দিওঁতাও কোনো নাই। দুখে-বেজাৰে পৰি থাকিলে এমুঠি খোৱা বুলি কওঁতা নাই। এনেকৈ কিমান কষ্ট সহিবা? তাৰ উপৰি তোমাৰ মাটি-বাৰী, সা-সম্পত্তিবোৰ কি কৰিবা? মোৰ মতে তুমি আৰু পলম নকৰি সোনকালে বিয়া কৰোৱা উচিত।

 প্ৰথমতে মিনায়ে মত দিয়া নাছিল। কিন্তু দিন যোৱাৰ লগে লগে অকলশৰীয়া জীৱনটো অসহ্য হৈ আহিল। দুখোজ আঁতৰি যাব লগা হ’লেই দুৱাৰ বান্ধিব লাগে; ৰাতি ঘূৰি আহি আন্ধাৰ ঘৰত খেপিয়াই চাকি লগাব লাগে; ৰন্ধাৰ এলাহত ঘনাই লঘোন দিব লাগে। আন একো নহলেও মেলা দুৱাৰখন, ৰন্ধা ভাতমুঠি পোৱা হ’লে তেওঁ অলপ শান্তি পালেহেতেন। ইয়াৰ পাচত এদিন শ্যামচাঁদে বিয়াৰ কথা উলিয়ালত মিনায়ে ক’লে,—“বিয়া কৰাবৰ মোৰ মন নাছিল। পিচে এতিয়া দেখিছোঁ কোনোবা ঘৰৰখীয়া নহলে ঘৰত থকাই টান