এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
চতুৰ্দ্দশ অধ্যায়
পু, চা।— তুমি এইবোৰ কাৰবাৰৰ কথা জানা?
বিজয়।— মই এতিয়াহে ইয়াৰ গম পাইছে।। মই ধান আৰু মৰাপাটৰ হিচাপহে ৰাখো।
পু, চা।— তোমাৰ ওপৰত আমাৰ সন্দেহ আছে; দোকানৰ সকলো খাতা পত্ৰ আনা।
খাতা-পত্ৰ অনা হ’লত চাহাবে ক’লে—“ইয়াত বহুত সময় হ’ল, সেইবোৰ চাবলৈ সময় নহয়। বাচত তুলি দিয়া, তুমিও যাব লাগিব।”
বিজয়ে ক’লে,—“মই ইয়াৰ কামত সোমোৱা দুসপ্তাহেই হোৱা নাই। মোক মিছাতে নাসাঙুৰিব। মোক এৰি দিয়ক।”
পু, চা।— কোনো কথা নুশুনো৷। ভালে ভালে ব’লা, নহলে হেণ্ডকাফ দিয়া হ’ব।
বিজয়ে আদেশ পালন কৰিলে।
কানিৰ বিক্ৰীদাৰটো শ্যামচাঁদৰ ভতিজাক। এতিয়া তেওঁ কেই দোকানখন চমজাই দি শ্যামচাঁদ, বিজয়, কানি আৰু খাতাখন লৈ অনুচৰ সহ পুলিচ চাহাব বাচত উঠিল।